প্ৰথম ভাৰতীয় UFC আৰু BJJ বিশ্ব চেম্পিয়ন হ'বলৈ বিচাৰোঁ: নীৰজ বৰা
লণ্ডনৰ ইউনিভাৰ্চিটি অৱ ইষ্ট লণ্ডনৰপৰা বিজনেছ ইনফৰ্মেছন চিষ্টেমছত ডিগ্ৰী লোৱাৰ পাছত অন্যান্য সহপাঠীসকলৰ দৰেই কৰ্পৰেট জগতত প্ৰৱেশ কৰিছিল নীৰজ বৰাই । কিন্তু কৰ্পৰেট জগতৰ একঘেঁয়ামি তেওঁৰ সহ্য নহ'ল । তেওঁ সিদ্ধান্ত ল'লে কৰ্পৰেট জগতত আৰু তেওঁ নাথাকে । তেওঁৰ প্ৰথম পচণ্ড সমৰ কলাৰ জগতখনকে তেওঁ নিজৰ প্ৰথম পৰিচয়ত পৰিণত কৰিব ।
১৯৮৯ চনৰ ২৩ এপ্ৰিলত যোৰহাটত জন্ম হয় নীৰজৰ । পিতৃ এগৰাকী ব্যৱসায়ী আৰু মাতৃ গৃহিণী । গুৱাহাটীত ডাঙৰ দীঘল হোৱা নীৰজৰ সমৰ কলাৰ সৈতে সম্পৰ্ক আছিল বহুদিনীয়া । "সৰুতে ভীষণ উৎপতীয়া আছিলো আৰু বাহ্যিক খেল-ধেমালিবোৰ ভাল পাইছিলো । আঠ বছৰ বয়সত মই 'শক্তিমান'ৰ নিচিনাকৈ এটা দুমহলীয়া ঘৰৰপৰা জপিয়াই দিছিলো ।" নীৰজে কয় । কিন্তু এই উৎপতীয়া স্বভাৱে এটা গঠনমূলক ৰূপ পাইছিল প্ৰাগজ্যোতিষ কলেজত উচ্চতৰ মাধ্যমিক শিক্ষা লাভ কৰি থকা সময়ত । এদিন বিৰতিৰ সময়ত তেওঁ আৱিষ্কাৰ কৰিছিল কলেজ চৌহদত এন চি চিৰ কাৰ্যালয় । সেই মূহুৰ্ততে তেওঁ সিদ্ধান্ত লৈছিল এন চি চিত যোগদান কৰাৰ । এন চি চি ত যোগদান কৰি কঠোৰ নিয়মানুৱৰ্তিতা আৰু অনুশীলনেৰে তেওঁ আগবঢ়াই নিছিল নিজকে । ২০০৮ চনত দিল্লীৰ গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিবলৈ পোৱাটো তেওঁৰ বাবে আছিল এক গৌৰৱৰ মূহুৰ্ত ।
সেই সময়তে তেওঁ মিক্সড মাৰ্চিয়েল আৰ্ট বা MMAৰ প্ৰতি আকৰ্ষিত হয় । মিক্সড মাৰ্চিয়েল আৰ্ট হৈছে মোৱাই থাই, বক্সিং, মল্লযুদ্ধ আৰু ব্ৰজিলিয়ান যুজিৎসুৰ সংমিশ্ৰণ । ১৯৯৩ চনত ৱেল টুড নামৰ সমৰ কলাবিধ আমেৰিকাত প্ৰচলিত হয় । এই সমৰ কলাৰ উদ্ভাৱন ১৯২০ চনত ব্ৰাজিলত হৈছিল । ব্ৰজিলৰ বিখ্যাত সমৰ কলাবিদৰ পৰিয়াল গ্ৰেচি পৰিয়ালে Ultimate Fighting Championship (UFC) MMA কোম্পানী প্ৰতিষ্ঠা কৰি এই কলা আমেৰিকাত প্ৰৱৰ্তন কৰে আৰু ই বৰ্তমান বিশ্বত অতি দ্ৰুত গতিত প্ৰসাৰ লাভ কৰিছে । এম এম এৰ প্ৰতি অনুভৱ কৰা দুৰ্বাৰ আকৰ্ষণৰ বাবেই ১৯ বছৰ বয়সত তেওঁ উচ্চ শিক্ষাৰ লগতে এম এম এ প্ৰশিক্ষণৰ বাবে ছিঙ্গাপুৰলৈ যাত্ৰা কৰে ।
সেয়েহে কৰ্পৰেট চাকৰি এৰি দিবৰ সময়ত তেওঁৰ মনত নিজৰ দক্ষতাক লৈ কোনো সন্দেহ নাছিল । অৱশ্যে তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গই এই কথাত সমৰ্থন জনোৱা নাছিল । কৰ্পৰেট চাকৰি এৰি দি পূৰ্ণকালীন এম এম এ যোদ্ধা হোৱা কথাটো আচিল এক আচহুৱা সিদ্ধান্ত । অৱশ্যে নিজৰ সিদ্ধান্তত অটল নীৰজৰ সফলতাই তেওঁলোকৰ মন সলনি কৰাত অৰিহণা যোগাইছে । নীৰজৰ ভাতৃ যুগল কিশোৰ এগৰাকী ফ্ৰি ষ্টাইল হিপ হপ নৃত্যশিল্পী আৰু তেওঁ নীৰজক সদায় সমৰ্থন আৰু উৎসাহ যোগাই আহিছে ।
বৰ্তমান নীৰজ ব্ৰজিলিয়ান যুজিৎসুৰ এগৰাকী ব্লু বেল্ট । প্ৰফেছৰ ছিম্বিকা আৰু প্ৰফেছৰ ব্ৰুন' এমৰিমৰ অধীনত তেওঁ প্ৰশিক্ষণ লৈ আছে । ২০১৫ চনৰ ভাৰতীয় ৰাষ্ট্ৰীয় যুজিৎসু চেম্পিয়নশ্বিপত সোণ আৰু ২০১৪ চনৰ উপ মহাদেশীয় চেম্পিয়নশ্বিপত ব্ৰঞ্জ মেডেল জয় কৰা নীৰজে দেশ বিদেশৰ বহু যোদ্ধাৰ সৈতে প্ৰশিক্ষণ গ্ৰহণ কৰিছে । নিজৰ দ্বিতীয়খন এম এম এ যুঁজত তেওঁ প্ৰতিদ্বন্দীক ছয় ছেকেণ্ডতে ধৰাশায়ী কৰি জয়লাভ কৰিছিল । অহা নৱেম্বৰৰ ১২ তাৰিখে ছিঙ্গাপুৰত অনুস্থিত হ'বলগীয়া ছিঙ্গাপুৰ ফাইটিং চেম্পিয়নশ্বিপত তেওঁ ছিঙ্গাপুৰৰ এম এম এ ছুপাৰষ্টাৰ লিম ঝেন টেঙৰ মুখামূখী হ'ব ।
এম এম এত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰথমজন অসমীয়া নীৰজ । লগতে ব্ৰজিলিয়ান যুজিৎসুৰ এমুঠিমান ভাৰতীয় যোদ্ধাৰ ভিতৰত তেওঁ অন্যতম ।
নীৰজৰ লক্ষ্য ২০১৭ চনৰ যুজিৎসু বিশ্ব চেম্পিয়নশ্বিপ । লগতে তেওঁৰ ইচ্ছা এদিন তেওঁ ইউ এফ চি চেম্পিয়নশ্বিপ জয় কৰা প্ৰথমজন ভাৰতীয় হ'ব । উল্লেখযোগ্য যে ২০১৬ চনত আবু ধাবিত হোৱা যুজিৎসু চেম্পিয়নশ্বিপত তেওঁ আছিল একমাত্ৰ ভাৰতীয় ।
এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক
আপুনি ভাল পাব পৰা অন্যান্য কাহিনী
কেক বনোৱাৰ চখৰপৰাই আৰম্ভ টিক্-টক্ বেইকহাউছ
মদ আৰু ড্ৰাগছৰ কৱলৰপৰা ওলাই অহা নিলপৰ্ণা আজি সফল বডি বিল্ডাৰ
ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে অসমত গঢ়ি উঠিছে এটা কৃষি বিপ্লৱ
৮২ বছৰীয়া 'ৰিভলভাৰ দাদী' চন্দ্ৰো তোমৰ
-